অসম

তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত এজন

asomiyapratidin

ডিজিটেল সংবাদ, মঙলবাৰঃ মঙলবাৰে আবেলি প্ৰায় ২ বজাত তিনিচুকীয়াৰ গুইজান পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তিনিচুকীয়াৰ গুইজান-ৰঙাজান পথত থকা সুৰভী হোটেলৰ সমীপত দুজন যুৱকে স্কুটীৰে আহি ৰোৱাৰ পিছত স্কুটীৰ পিছফালে বহি অহা যুৱকজনে বাহনখনৰ পৰা নামিব খোজতেই পৰি যায়৷

সেই সময়ত পথটোৰে আহি থকা এখন বালিভৰ্ত্তী ট্ৰাকে যুৱকজনক মহতিয়াই লৈ যোৱাত যুৱকজনৰ থিতাতে মৃত্যু ঘটে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ০৭ চি২৭০০ বুলি জানিব পৰা গৈছে৷ আনহাতে দুৰ্ঘটনাত মৃত্যু ঘটা যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে দুৰ্ঘটনা পতিত কৰা ট্ৰাকখন জব্দ কৰিছে৷