road accident
road accident road accident
অসম

ফাকুৱাৰ আনন্দ -উলাহৰ মাজতে দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ফাকুৱাৰ আনন্দ উলাহৰ মাজতে কোকৰাঝাৰত এগৰাকী যুৱকে দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি লোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে । নিহত যুৱকগৰাকী বালাজান তিনিআলিৰ অশ্বিনী ৰায়(৩৫) বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত খবৰ অনুসৰি চি আই টিৰ সমীপৰ পৰা দিনহাজিৰা কৰি ঘৰলৈ সোমোৱাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয় । অশ্বিনী ৰায়ক তীব্ৰবেগী এ এচ ১৯ কিউ ৫২৮৬ মটৰচাইকেলখনে ঠিক ঘৰৰ সন্মুখৰ জে ডি পথত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় আৰু অশ্বিনী ৰায় গুৰুতৰভাৱে আহত হয় ।

মঙলবাৰে নিশা সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছতে অশ্বিনী ৰায়ক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আজি মৰণোত্তোৰ পৰীক্ষাৰ পিছত অশ্বিনী ৰায়ৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতে এক শোকবিহ্বল পৰিস্থিতিৰ সৃষ্টি হয় ।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যাক্তি অশ্বিনী ৰায়ৰ মৃত্যুত পৰিয়ালটোলৈ ঘোৰ অন্ধকাৰ নামি আহিছে । মৃত্যুৰ পূৰ্বে অশ্বিনী ৰায়ে বেমাৰী মাতৃ ,পত্নী আৰু কণমানি সন্তান ইহসংসাৰত এৰি থৈ যায় ।

আৰক্ষীয়ে ইতিমধ্যে মটৰচাইকেল জব্দ কৰিছে । উল্লেখ্য যে উক্ত ঠাইডোখৰত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় আৰু সেয়েহে স্থানীয় ৰাইজে উক্ত ঠাইডোখৰত গতিৰোধক নিৰ্মাণ কৰিবলৈ আৰু সজাগতামূলক ফলক লগাবলৈ দাবী উত্থাপন কৰিছে ।