অসম

হাটশিঙিমাৰীত পথ দুৰ্ঘটনাঃ আহত ৭ যাত্ৰী

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেওবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়। যাত্ৰীবাহী টেম্পো গাড়ী এখনে পিছফালৰ পৰা ই-ৰিক্সা এখনত খুন্দিওৱাৰ ফলত দুয়োখন বাহনৰ মুঠ ৭ জনকৈ যাত্ৰী আহত হয়। আহত যাত্ৰীসকলক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

উল্লেখযোগ্য যে, এ এছ ৩৪ চি ০২৭১ নম্বৰৰ টেম্পো গাড়ীখনে মানকাচৰৰ পৰা হাটশিঙিমাৰী অভিমুখে আহি থকা অৱস্থাত একেদিশৰ পৰা অহা ই-ৰিক্সা এখনক নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। ফলত দুয়োখন বাহন বাগৰি পৰে। লগে লগে স্থানীয় ৰাইজে আহত যাত্ৰী কেইজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

আহত যাত্ৰী কেইজন সুখচৰ থানা এলেকাৰ পুৰাণ সুখচৰ গাওঁৰ নজৰুল মণ্ডলৰ পুত্ৰ আমিৰুল মণ্ডল (২৪), চৰকাশাৰীপাৰা গাওঁৰ আব্দুল গফুৰৰ জীয়েক জোনালী আহমেদ (১৭), মানকাচৰ থানা এলেকাৰ বাংটিমাৰী গাওঁৰ সাহালম ইছলামৰ পুত্ৰ ৰিজুৱান হুছেইন (২১), কোনাৰ চৰ গাঁৱৰ মোজাম্মেল হকৰ পুত্ৰ আক্কাছ আলী (৪০), কঠালবাৰী গাঁৱৰ আব্দুল আওৱালৰ পুত্ৰ মুক্তাৰ হুছেইন (২৮) বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা টেম্পো গাড়ীখনৰ লগতে ই-ৰিক্সা খন খাৰুৱাবান্ধা আৰক্ষীয়ে উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়।