অসম

জনতা ভৱনৰ সন্মুখত ট্ৰাকে মহতিয়াই নিলে পথৰ মাজৰ ৰেলিং…

asomiyapratidin

ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল গুৱাহাটীত। এইবাৰ দুৰ্ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ জনতা ভৱনৰ সন্মুখভাগ। জনতা ভৱনৰ সন্মুখত এখন মালবাহী ট্ৰাকে মহটিয়াই নিলে পথৰ মাজৰ ৰেলিং।

এই পথ দুৰ্ঘটনাত আহত হৈছে মুঠ ৩ জনকৈ লোক। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত আছিল মুঠ ৬গৰাকীকৈ ব্যক্তি। চালক, হেণ্ডিমেনসহ ৬ জনকৈ লোক থকা ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰাকখনৰ চালকে। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ এ এছ ০১ বি চি ৯০৭৩।