অসম

মঙলদৈত একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মাতৃ-পুত্ৰৰ চিতা জ্বলিল একেলগে, এক হৃদয় বিদাৰক দৃশ্য। মঙলবাৰে নিশা মঙলদৈ উদ্যোগ চকত শােকাৱহ দুর্ঘটনাত মৃত্যু হোৱা জুৰি বৰুৱা শইকীয়া আৰু পুত্ৰ পৰাগ জ্যোতি শইকীয়াৰ শেষকৃত সম্পন্ন। শেষ হৈ গ'ল এটি পৰিয়াল, নতুনকৈ নিৰ্মাণ কৰা ঘৰত থাকিবলৈ নাপালে জুৰি বৰুৱা শইকীয়া আৰু পুত্ৰ পৰাগজ্যোতি শইকীয়া। একেলগে দুখন চিতাত অগ্নি সংযোগ কৰিলে জোৱায়েক মুকুট মনি শইকীয়াই।

মঙলবাৰে নিশা মঙলদৈ উদ্যোগ চকত শােকাৱহ দুর্ঘটনাত মৃত্যু হোৱা জুৰি বৰুৱা শইকীয়া আৰু পুত্ৰ পৰাগ জ্যোতি শইকীয়াৰ শেষকৃত বুধবাৰে আবেলি উপহুপাৰা ৰাজহুৱা শ্মশানত সম্পৰ্ন কৰা হয়। মঙলবাৰে নিশা প্ৰায় ১২ বজাত মঙলদৈ উদ্যোেগ চকত এক শােকাৱহ পথ দুর্ঘটনা সংঘটিত হৈছিল এই দুৰ্ঘটনাটোত মাতৃ আৰু পুত্ৰ একেলগে মৃত্যু মুখত পৰে। উদ্যোগৰ চ’কৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছিল এই পথ দুর্ঘটনা। ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হৈছিল এই দুর্ঘটনাটি।

দুৰ্ঘটনাত মৃত জুৰি বৰুৱা শইকীয়া আৰু পুত্ৰ পৰাগ জ্যোতি শইকীয়াৰ ঘৰ মঙলদৈৰ নিকতৱৰ্তী গেৰিমাৰীত। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মঙলদৈ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ আঘাত প্ৰাপ্তক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে । মঙলদৈ অসামৰিক মৰণোত্তৰ পৰীক্ষাৰ পিছত উপহুপাৰা ৰাজহুৱা শ্মশানত এক শোকাৱহ পৰিবেশত শেষকৃত্য সম্পন্ন কৰা হয়। শ্মশানত মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,যুৱনেতা প্ৰনৱ নাৰায়ণ দেৱৰ লগতে বহু সংখ্যক গুণমুগ্ধ লোক উপস্থিত হয়।