অসম

প্ৰিমিয়াৰ ক্ৰিকেটত ৰাইজিং ক্ৰিকেট ক্লাৱ জয়ী

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম প্ৰিমিয়াৰ ক্লাৱ ক্ৰিকেট প্ৰতিযোগিতাত বৃহস্পতিবাৰে ফ্ৰেইণ্ডচ ক্ৰিকেট ক্লাৱক হৰুৱাই ৰাইজিং ক্ৰিকেট ক্লাৱ জয়ী হয়। টচত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ফ্ৰেইণ্ডচ ক্ৰিকেট ক্লাৱে। ৰাইজিং ক্ৰিকেট ক্লাৱে ৯টা উইকেট হেৰুৱাই ৪০ অভাৰৰ অন্তত ২১১ ৰান সংগ্ৰহ কৰে।

ৰাইজিং ক্লাৱৰ হৈ কৌশিক দাসে ৪৮টা বলত ৩৭ ৰান সংগ্ৰহ কৰে। ফ্ৰেইণ্ডচ ক্লাৱৰ দিপাঙ্কৰ বৈশ্য, লৱজিৎ বৈশ্য আৰু লোহিত ওজাই দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰত্যুত্তৰত ফ্ৰেইণ্ডচ ক্লাৱে আটাইকেইটা উইকেট হেৰুৱাই ২৯.১ অভাৰত ১৪২ ৰান সংগ্ৰহ কৰি ইনিংচ সামৰে। ফ্ৰেইণ্ডচ ক্লাৱৰ হৈ ৰাজদ্বীপ দাসে ৪৪টা বলত সৰ্বোচ্চ ৪১ ৰান সংগ্ৰহ কৰে। ৰাইজিং ক্লাৱৰ হৈ কমল কৃষ্ণ শৰ্মাই ৩টা উইকেট দখল কৰে।