অসম

বিটিচি নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ, বিপিএফ উৎখাত হ’বঃ ৰিপুন বৰা

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ জাতিধ্বংসী নাগৰিকত্ব আইন প্ৰত্যাহাৰ কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছে আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাই কোকৰাঝাৰত পৰ্দাপন কৰে। কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাৰ অংশস্বৰূপে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলীয় কৰ্মী সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জাতিধ্বংসী নাগৰিকত্ব আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তদুপৰি আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ উৎখাত হ'ব বুলি মন্তব্য কৰি কংগ্ৰেছে এককভাৱে নিৰ্বাচনত অবতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে। বিটিচিত সংঘটিত হোৱা অবাধ দূৰ্নীতিক মুল ইচ্ছু হিচাপে লৈ বিটিচি নিৰ্বাচনৰ বাবে কংগ্ৰেছ সম্পূৰ্ণৰূপে সাজু আৰু বিটিচিত সমবিকাশ -সমউন্নয়ন হোৱা নাই বুলি মন্তব্য কৰিছে ৰিপুন বৰাই।

নিৰ্বাচনত ৰাইজে কা সম্পৰ্কে সিদ্ধান্ত লব আৰু ৰাইজৰ আদালতত কা বাতিল হ'ব বুলি আশা প্ৰকাশ কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীও উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত দলীয় সতীৰ্থ নেতা -কৰ্মী-সমৰ্থকৰ সতে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভা অনুষ্ঠিত হোৱাৰ পিছতেই কংগ্ৰেছৰ বিশাল দলটোৱে ধুবুৰী অভিমুখে ৰাওনা হয়।