অসম

১৫/২০ দিন পূৰ্বেই কাজিৰঙা হত্যা কৰিলে গঁড়, গমেই নাপালে বনবিভাগে…

asomiyapratidin

ডিজিটেল সংবাদ বোকাখাতঃ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰেছনে অসম তথা ভাৰত চৰকাৰক গঁড় হত্যা ৰোধ কৰাৰ বাবে ধন্যবাদ জনোৱাৰ কেইটামান মুহূৰ্তৰ পিছতে কাজিৰঙাত উদ্ধাৰ হ'ল গঁড়ৰ মৃতদেহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ শিলখুন্দা বন শিবিৰ এলেকাত উদ্ধাৰ কৰা হৈছে গঁড়টোৰ মৃতদেহ।

প্ৰায় ১৫ ৰ পৰা ২০ দিন পূৰ্বেই এই গঁড়টোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। চোৰাং চিকাৰিয়ে এই গঁড়টোক হত্যা কৰাৰ সন্দেহ কৰিছে বনৰক্ষীয়ে। উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ দেহত নাই খৰ্গ। ইতিমধ্যে গঁড়টোৰ মৃতদেহটো পঁচি উৱঁলি গৈছে। ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈছে। ইফালে বুধবাৰে নিশা ৮-৪৫ মিনিটত কাজিৰঙাৰ ভিতৰত বনৰক্ষীয়ে শুনিবলৈ পাইছিল গুলীৰ শব্দ। ইয়াৰ পিছতে বন বিভাগে চোৰাং চিকাৰিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে।