অসম

এছিয়া বুক অফ ৰেকৰ্ডচ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত স্থান লাভ গুৱাহাটীৰ ৰায়াংশৰ…

asomiyapratidin

ডিজিটেল ডেস্ক: এছিয়া বুক অফ ৰেকৰ্ডচ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত স্থান লাভ কৰিবলৈ সক্ষম হয় অসমৰ ৰায়াংশ সোমানিয়ে। ৫ মিনিটত ৩x৩ ৰুবিক কিউবত ৪৬ খন ৰাষ্ট্ৰীয় পতাকা প্ৰতিনিধিত্ব কৰি এই স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১০ বছৰীয়া এটি শিশুয়ে ৫ মিনিটত ৪৩ খন ৰাষ্ট্ৰীয় পতাকা প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। বন্দনা নৰেশ সোমানিৰ নাতি তথা বৰুণ সোমানিৰ পুত্ৰ ৰায়াংশ সোমানি গুৱাহাটীৰ বাসিন্দা।ৰায়াংশৰ এই সফলতাত গৌৰৱান্বিত পৰিয়ালবৰ্গ।