অসম

গোগামুখত পুনৰ অনুষ্ঠিত ভোটগ্ৰহণ

asomiyapratidin

ডিজিটেল সংবাদ, গোগামুখঃ ৰাজ্যৰ ১৬ খন জিলা আৰু ১১ টা মহকুমাত যোৱা ৫ ডিচেম্বৰত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ৷ এই ভোটগ্ৰহণত সিদিনা ভোটাৰ তালিকাৰ বিসংগতি আৰু বেলট পেপাৰ বিসংগতিৰ বাবে পুনৰ ভোটগ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নিৰ্বাচনী আয়োগে৷ ইয়াৰ পিছতে আজি ধেমাজি জিলাৰ গোগামুখ মধ্য মিংমাঙত পুনৰ অনুষ্ঠিত হয় ভোটগ্ৰহণ৷

উল্লেখ্য যে, ৫ ডিচেম্বৰত গোগামুখ মধ্য মিংমাঙত ভোটাৰ তালিকাত একাংশ লোকৰ নাম সন্নিৱিষ্ট নোহোৱাক লৈ ৬ নং গেৰ মেৰ ধৰ্মপুৰ প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ একাংশ ভোটাৰ ৰাইজে বেলট পেপাৰ জ্বলাই দি পুনৰ ভোটগ্ৰহণৰ দাবী উত্থাপন কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পঞ্চায়তখনত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়৷

শুকুৰবাৰে জিলাখনৰ তিনিখন ৱাৰ্ডত ক্ৰমে মধ্যমিংমাং পঞ্চায়তৰ পুলিং ষ্টেছন নম্বৰ ২৫৭, কুলাজান পঞ্চায়তৰ পুলিং ষ্টেছন নম্বৰ ৩৯৭ আৰু মধ্য চিচি টঙানি পঞ্চায়তৰ পুলিং ষ্টেছন নম্বৰ ৪৬৯ত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়।