অসম

অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া তথা কাছাৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত হৰেন্দ্ৰ কুমাৰ দেৱ মহন্তৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, হৰেন্দ্ৰ কুমাৰ দেৱমহন্তৰ বিয়োগ। ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক সেৱা বিষয়া, কাছাৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত হৰেন্দ্ৰ কুমাৰ দেৱমহন্তই বটদ্ৰৱা থান সম্বন্ধীয় প্ৰথম খন গ্ৰন্থ বৰদোৱা বেকন্চ (Borduwa becons) লিখি গুৰুজনাৰ জন্মস্থান খনিৰ তথ্য সমূহ দেশ বিদেশৰ পৰ্যটকৰ হাতত তুলি দিছিল। সেই গৰাকী বিশিষ্ট ব্যক্তিৰ বিয়োগত বটদ্ৰৱা শোকৰ ছাঁ।

১৮ দিন পূৰ্বে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত গুৱাহাটী এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ অৱশেষত আজি বিয়লি মৃত্যু হয়। হৰেন্দ্ৰ কুমাৰ মহন্ত বিখ্যাত মহাৰাণা ক্লাৱৰ সদস্যৰ লগতে বিশিষ্ট সংবাদিক মনোজ গোস্বামীৰ ভিনিহিয়েক । গুৱাহাটীৰ শেৱালী পথৰ বাসিন্দা হৰেন্দ্ৰ কুমাৰ দেৱ মহন্ত । নৱগ্ৰহ শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হ'ব প্ৰাক্তন উপাযুক্ত গৰাকীৰ ।

বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যকৰী সভাপতিকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা সমাজ জীৱনৰ লগত জড়িত হৈ সেৱা আগবঢ়োৱা দেৱমহন্তৰ বিয়োগত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, উপসভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্ত, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত তথা বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ শোক প্ৰকাশ।