হৰিণা পহু উদ্ধাৰ
হৰিণা পহু উদ্ধাৰ 
অসম

বনৰীয়া হৰিণা উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, পলাশবাৰীঃ অসম-মেঘালয় সীমান্তৰ মাটাইখাৰ পাটগাঁৱত গুণীন ৰাভা নামৰ এজন লোকৰ ঘৰত বৃহস্পতিবাৰে পুৱা এটা বনৰীয়া হৰিণা পহু উদ্ধাৰ হয় । প্ৰাপ্ত খবৰ অনুসৰি গুণীন ৰাভাৰ পত্নীয়ে পুৱা ৭ মান বজাত গোহালি ঘৰৰ ওচৰত হৰিণা পহুটো প্ৰত্যক্ষ কৰে ।

তাৰ পাছত তেওঁ চিঞৰ বাখৰ কৰাত গুণীন ৰাভা আৰু পৰিয়ালৰ লোকে হৰিণা পহুটোক কৌশলৰে এটা কোঠাত আবদ্ধ কৰে । পহুটোক আবদ্ধ কৰি বন বিভাগক খবৰ দিয়ে পৰিয়ালটোৱে ৷

বনকৰ্মীৰ এটা দলে তেওঁৰ ঘৰত উপস্থিত হৈ হৰিণা পহুটো উদ্ধাৰ কৰি পহুটো মাইকী আৰু প্ৰাপ্তবয়স্ক বুলি নিশ্চিত কৰে । দুপৰীয়া হৰিণাটো উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত ওচৰৰ গভীৰ অৰণ্যত এৰি দিয়া হয় । বনকৰ্মীৰ দলটোৱে খাদ্যৰ সন্ধানত পুৱা ওলাই আহি দিশ হেৰুৱাই হৰিণা পহুটো এনেদৰে জনাঞ্চলত আবদ্ধ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।