অসম

জ্যেষ্ঠ অভিনেতা প্ৰত্যুষ কুমাৰ ৰাজখোৱা আৰু নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমীয়া চলচ্ছিত্ৰ জগতৰ বাবে এটা বেয়া খবৰ। জ্যেষ্ঠ অভিনেতা প্ৰত্যুষ কুমাৰ ৰাজখোৱা আৰু নাই। শুকুৰবাৰে ৬৭ বছৰ বয়সত কাহিলীপাৰাৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৰাজখোৱাই।

পুৰণি অসমীয়া কেইবাখনো ক্লাচিক ছবিত অভিনয় কৰা ৰাজখোৱা NEEPCOৰ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা। মহানগৰীৰ নেমকেয়াৰ হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰা প্ৰত্যুষ কুমাৰ ৰাজখোৱাই অভিনয় কৰা পুৰণি অসমীয়া ছবিসমূহ হৈছে ৰাংঢালী, মৰমী ইত্যাদি।