অসম

গৃহৰক্ষীবাহিনীত নিযুক্তি কেলেংকাৰী ! গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

Asomiya Pratidin

ডিজিটেল সংবাদ,বজালী : বজালী আৰক্ষীৰ হাতত এইবাৰ গ্ৰেপ্তাৰ হ'ল আৰক্ষী উপ-পৰিদৰ্শকসহ গৃহৰক্ষীবাহিনীৰ জোৱান। জানিব পৰামতে গৃহৰক্ষীবাহিনীত নিযুক্তি দিয়াৰ নামত ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

পোহৰলৈ অহা তথ্যমতে, গৃহৰক্ষী বাহিনীৰ জোৱানক কামন চাৰ্টিফিকেট দিয়াৰ নামত খোদ আৰক্ষীৰে এটা চক্ৰই চলাই আহিছিল ছিণ্ডিকেট। এখন ভুৱা কামান চাৰ্টিফিকেট দিয়াৰ নামত স্বয়ং আৰক্ষীয়ে সংগ্ৰহ কৰিছিল ১২-১৫ হাজাৰপৰ্যন্ত ধন।

এনে ভুৱা কামান চাৰ্টিফিকেট বিক্ৰীৰ পিছতে দীৰ্ঘদিন ধৰি বজালী - বৰপেটাত নিযুক্তি পাইছিল গৃহৰক্ষীবাহিনীৰ জোৱানে। যি সময়ত প্ৰকৃতাৰ্থত মাত্ৰ ১৬খনহে চাৰ্টিফিকেট দিয়া হৈছিল; তেনেস্থলত বজালী আৰক্ষীৰ হাতত ভুৱা চাৰ্টিফিকেটসহ আবেদন পৰিছিল ৬৩ খন।

ইয়াৰ পিছতে বজালী জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা বিভাগীয় তদন্ত আৰু গোচৰৰ ভিত্তিত বজালী আৰক্ষীয়ে শৈলেন্দ্ৰ দাস নামৰ আৰক্ষী উপ-পৰিদৰ্শকগৰাকী আৰু প্ৰকাশ কলিতা নামৰ গৃহৰক্ষীবাহিনীৰ বাহিনীৰ জোৱানজনক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে জোৰদাৰ তদন্ত অব্যাহত আছে আৰু বহু আৰক্ষী এনে নিকৃষ্ট কাণ্ডৰ বাবে জালত পৰাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে অধীক্ষকগৰাকীয়ে।