অসম

উৎসাহী শিক্ষক,ছাত্ৰ-ছাত্ৰী, কোভিড প্ৰটক’ল মানি খুলিল শিক্ষানুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ,তামুলপুৰ : সোমবাৰৰ পৰা ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুযায়ী খোলা হল বিদ্যালয় মহাবিদ্যালয় সমূহ। ছমাহৰ অন্তত নৱম-দশম শ্ৰেণীৰ আৰম্ভ হোৱা পাঠদান কৰা পূৰ্বে বিদ্যালয়-মহাবিদ্যালয়ৰ কৃতপক্ষই বিদ্যালয়ে-মহাবিদ্যালয়ে আৰি দিছে ফলক। সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি বিদ্যালয় প্ৰৱেশ দুৱাৰত চাবোনেৰে হাত ধুই মাস্ক পৰিধান কৰি বিদ্যালয়ত সোমাইছে শিক্ষাৰ্থী সকল।

ৰাজ্যৰ অন্যান্য বিদ্যালয়-মহাবিদ্যালয় সমূহৰ লগতে সমান্তৰাল ভাৱে তামুলপুৰৰ কাউলী হাইস্কুলতো দেখা গৈছে শিক্ষাৰ্থী সকলৰ উৎসাহী আগমন। পুনৰ পূৰ্বৰ পৰিবেশ ঘূৰি অহাৰ কামনা কৰিছে এতিয়া শিক্ষকবৃন্দ তথা শিক্ষাৰ্থী সকল। শিক্ষাৰ্থী সকলে লক ডাউনৰ মাজত ঘৰতে আবদ্ধ হৈ থকা অনুভৱ ব্যক্ত কৰে ।