অসম

কোকৰাঝাৰত ধৰ্ষণকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড...

Asomiya Pratidin
  • কোকৰাঝাৰত ধৰ্ষণকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ।

  • নাবালিকা ধৰ্ষণকাৰী গাজি ৰহমান(২৫)ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা ।

  • পকছো আইনৰ ৬ নং ধাৰা অনুসৰি এই শাস্তি ।

  • জৰিমনা অনাদয়ে পুণৰ দুবছৰৰ অতিৰিক্ত কাৰাদণ্ড ।

  • আনহাতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২ নং ধাৰামতে এহাজাৰ টকা জৰিমনা ।

  • ২০১৯ চনৰ ১০ ছেপ্টেম্বৰত গাজি ৰহমানে এগৰাকী নাৱালিকাক বলপূৰ্বক উঠাই নি নিজ ঘৰত ৰাখি কৰিছিল ধৰ্ষণ ।

  • গাজি ৰহমানে নাবালিকাগৰাকীৰ যৌনাংগত বাঁহেৰে আঘাত কৰিছিল ।

  • গোসাঁইগাঁও থানাত ৰজু হোৱা গোচৰ নং ৪২৫/২০ আৰু বিশেষ গোচৰ নং ৩/২১ মৰ্মে পকছো আইনৰ অধীনত চলিছিল গোচৰ ।

  • কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে.কোচৰ আদালতে কাৰাদণ্ডৰে দণ্ডিত কৰে গাজি ৰহমানক ।

  • গাজি ৰহমানৰ ঘৰ গোসাঁইগাঁওৰ যমুনাটাৰীত ।