- দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱা ৰঞ্জিত দাসে শনিবাৰে গ্ৰহণ কৰিব দায়িত্ব।
- শনিবাৰে হেঙেৰাবাৰীৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক অনুষ্ঠানত দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।
- উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে তেওঁৰ কাৰ্যকাল শেষ হৈছিল।
- তাৰ পিছতে পুনৰবাৰ ১৮ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ দায়িত্ব দিয়া হৈছে ৰঞ্জিত দাসক।
- তেখেতে দায়িত্ব গ্ৰহণ কৰাৰ সময়ত দলীয় নেতাসকলৰ লগতে বিষয়ববীয়া, সাংসদ আৰু মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকিব।