অসম

সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ…

asomiyapratidin

ডিজিটেল সংবাদ , বৰপেটাঃ সৰভোগ সমষ্টিৰ অন্তৰ্গত ২০ টা নামঘৰৰ মাজত আজি এই অনুদান আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় আৰু এই উপলক্ষ্যে বৰপেটাৰোডত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাস ৷

তেওঁ ভাষণ প্ৰসংগত কয় যে "নামঘৰ অসমীয়া সমাজ জীৱনৰ এক অপৰিহাৰ্য অঙ্গ। ই অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক, সংস্কৃতিৰ আকৰ আৰু স্থাপত্য বিদ্যাৰ এক শ্ৰেষ্ঠ নিদৰ্শন। ই মূলতঃ এক প্ৰাৰ্থনা গৃহ। ইয়াৰ মূল অৰ্থ হৈছে নাম-কীৰ্তন কৰা উপাসনা ঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথম বাৰৰ কাৰণে নামঘৰৰ প্ৰতিষ্ঠা কৰে। কিন্তু অতি পৰিতাপৰ কথা এই যে, নামঘৰ সমূহে যি ধৰণে বিকাশিত হ'ব লাগিছিল সেয়া হোৱা নাই ৷ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে ৷" বিষয়টো অনুধাৱন কৰি সোণোৱাল চৰকাৰে ৰাজ্যৰ নামঘৰ সমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ এক আঁচনি গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷

এই আঁচনিৰ জৰিয়তে সমগ্ৰ অসমত ৮ হেজাৰ নামঘৰক ২.৫০ লাখ টকাকৈ আৰ্থিক অনুদান দিয়া হ'ব বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে, এই আঁচনিৰ অধীনত বৰপেটা জিলাৰ ৪৪০ টা নামঘৰ অন্তৰ্ভুক্ত হৈছে৷ দেওবাৰে সৰভোগ সমষ্টিৰ অন্তৰ্গত ২০ টা নামঘৰক প্ৰত্যেকটোকে ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়োৱা হয়৷ বুবুল দেউৰীয়ে আঁত ধৰা সভাখনত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু এ পি জি চি এলৰ সঞ্চালক শংকৰ দাসে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে লোৱা আঁচনি সমূহৰ কথা অৱগত কৰে ৷