অসম

এআইইউডিএফৰ চাবি মোৰ হাতত আছে, দিলেহে তলা খুলিব পাৰিবঃ ৰঞ্জিত দাস

asomiyapratidin

ডিজিটেল সংবাদ, মইনবড়িঃ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনত বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ তীব্রতৰ হৈ উঠিছে। বুধবাৰে জনীয়াৰ মেধিৰটাৰীত বিয়লি ৩ বজাত জনীয়া ব্লক বিজেপিৰ সভাপতি গজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়, জনীয়াৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানক জয়ী কৰাব লাগিব। তেওঁ লগতে কয়, এ আই ইউ ডি এফ'ৰ চাবি মোৰ হাতত আছে, দিলেহে তলা খুলিব পাৰিব। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰা কংগ্ৰেছ দল অন্তৰকলহত জৰ্জৰিত শক্তিহীন ৰাজনৈতিক দল বুলিও কয় নেতাগৰাকীয়ে।

তেওঁ লগতে কয়, বিজেপিৰ শ্লোগান সবকা সাথ সবকা বিকাশ। সবকা বিশ্বাসৰ প্ৰতি জনীয়াৰ ৰাইজে যি সঁহাৰি দিছে তাৰ দ্বাৰা দলৰ প্ৰাৰ্থীৰ জয়ৰ সম্ভাৱনা উজ্জল হৈছে বুলি দাবী কৰে। দলৰ প্ৰাৰ্থী জিকিলে জনিয়াত ব্লক আৰু কলগাছিয়াত অসামৰিক মহকুমা গঠন কৰিব বুলিও মন্তব্য কৰে সভাপতি ৰঞ্জিত দাসে।

উক্ত সভাত বিধায়িকা আঙুৰলতা ডেকাই ভাষণ ৰাখি জনীয়াৰ সংখ্যালঘু ৰাইজে এইবেলি বিজেপিক ভোট প্ৰদান কৰি ইতিহাস সৃষ্টি কৰিব বুলি দাবী কৰে। উক্ত সভাত অধিবক্তা শ্বহিদুল ইছলামে উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।