অসম

পুৰণিগুদামত কি অৱস্থা হ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজ্যৰ সৰ্বস্তৰতে প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে নগাঁও জিলাৰ পুৰণিগুদামত শনিবাৰে বিয়লি ক'লা পতাকা প্ৰদৰ্শনৰ লগতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস৷ পুৰণিগুদামত শনিবাৰে বিয়লি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক আছুৱে ক'লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা,চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা,অসম গণ পৰিষদ দলৰ পুৰণিগুদাম আঞ্চলিক সমিতি,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে পুৰণিগুদাম মিকিৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস গ' বেক,বিজেপি চৰকাৰ হায় হায়,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,বাংলাদেশী গ' বেক আদি শ্লোগান দি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷

চামগুৰি আৰক্ষী আৰু পুৰণিগুদাম আৰক্ষীৰ বাধা নেওচি ছাত্ৰ সন্থা আৰু স্থানীয় অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে পুৰণিগুদামৰ ৩৭ নং ৰাজপথ ঘাইপথত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ জনায়৷জানিব পৰা মতে,এখন দলীয় কৰ্মীসভা আৰু বিগত পঞ্চায়ত নিৰ্বাচনত চামগুৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ জয়যুক্ত পঞ্চায়তৰ প্ৰতিনিধিসকলক সম্বৰ্ধনা জনাবলৈ পুৰণিগুদাম ড' ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা সভালৈ অহা ৰাজ্যিক সভাপতিগৰাকী পুৰণিগুদামৰ ৰাষ্ট্ৰীয় ঘাইপথত ক'লা পতাকা প্ৰদৰ্শন কৰে৷জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োদিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয়।