অসম

কলাগুৰুৰ বলুকা ভাস্কৰ্য্য নিৰ্মাণেৰে কলাগুৰুলৈ ব্যতিক্ৰমী ৰূপত একাঁজলি শ্ৰদ্ধাঞ্জলি বলুকা শিল্পীৰ

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ সুন্দৰৰ পূজাৰী, সাহসৰ প্ৰতীক বিষ্ণু প্ৰসাদ ৰাভা। নিস্পেষিত জনতাৰ প্ৰতিবাদৰ কন্ঠৰ নাম বিষ্ণু প্ৰসাদ ৰাভা। আজি ২০ জুন, ৰাভা দিৱস। বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মহা প্ৰয়াণৰ দিন। ঢেকিয়াজুলিত গাভৰু নৈৰ বালিত বিষ্ণু প্ৰসাদ ৰাভাৰ বলুকা ভাস্কৰ্য্য নিৰ্মাণেৰে শিল্পী ৰঞ্জন শইকীয়াৰ লগতে কেইবাগৰাকীও শিক্ষকে কলাগুৰু বিষ্ণু ৰাভালৈ নিবেদন কৰিলে একাঁজলি শ্ৰদ্ধাঞ্জলি।

লকডাউনৰ মাজতে ৰাজ্যৰ প্ৰান্তে- প্ৰান্তে বিল্পবী শিল্পী গৰাকীক স্মৰণেৰে কোৰোনা আতংকৰ মাজতে অনুষ্ঠুপীয়াকৈ হলেও ৰাভা দিৱস উদযাপন কৰিছে৷‌ ইয়াৰ সমান্তৰালকৈ ঢেকিয়াজুলিত বলুকা শিল্পী ৰঞ্জন শইকীয়াই ব্যতিক্ৰমী ৰূপত ৰাভা দিৱসৰ দিনটোত কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছে৷ ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিত বলুকা শিল্পী ৰঞ্জন শইকীয়াই কলাগুৰুক বলুকাত অংকন কৰি তেখেতলৈ যাচিছে একাঁজলি শ্ৰদ্ধাঞ্জলি৷

অসমীয়া জাতীয় জীৱনৰ আৰু অসমীয়া কলা সংস্কৃতিৰ পথাৰত বিষ্ণুপ্ৰসাদ ৰাভাই যি খোজ এৰি থৈ গৈছে সেয়া স্মৰণ কৰিছে শিল্পী ৰঞ্জন শইকীয়াই। মহান বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথিত বলুকা শিল্পী ৰঞ্জন শইকীয়াই নৈৰ বালিত বিল্পবী শিল্পী গৰাকীক বলুকাত অংকন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছে৷ উল্লেখ্য যে, বলুকা শিল্পী ৰঞ্জন শইকীয়া সমসাময়িক বলুকা নিৰ্মাণ কৰাৰ লগতে মহান ব্যক্তি সকলৰ তিথিত এনেদৰেই বিভিন্ন সময়ত বলুকা নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে৷ এয়া তেওঁৰ শিল্পীৰ কৰ্মৰাজী এক নিদৰ্শন৷