অসম

ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ, ৫ টা পৰিয়ালৰ বাসগৃহ লণ্ড-ভণ্ড..

asomiyapratidin

ডিজিটেল সংবাদ, ধূপধৰাঃ ৰংজুলিত পুনৰ তাণ্ডৱ সৃষ্টি বনৰীয়া হাতীৰ ৷ শনিবাৰে নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰি ৰংজুলি বাখাৰাপাৰা আৰু নাগবাৰী গাঁৱত উপদ্ৰৱ চলাই ৫ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁৰাল ভাঙি লণ্ড ভণ্ড কৰে ৷ বাখাৰাপাৰা গাঁৱৰ নীলকান্ত বসুমতাৰীৰ এটা ধান ভঙা কল ভাঙি প্ৰায় নিচিহ্ন কৰাৰ লগতে দিন হাজিৰা কৰা ধৰ্মেন্দ্ৰ কছাৰী নামৰ লোকজনৰ ধানৰ ভঁৰাল ভাঙি কষ্টৰে উপাৰ্জন কৰা টকাৰে ক্ৰয় কৰি আনি থোৱা ধান খিনিও খাই তহিলং কৰে ৷

আনহাতে বন্যহস্তীৰ এই তাণ্ডৱত ধৰ্মেন্দ্ৰ কছাৰী আৰু তেওঁৰ পত্নীয়ে কথমপিহে পলাই প্ৰাণ ৰক্ষা কৰে ৷ ইফালে একেখন গাঁৱৰে অম্বিকা বসুমতাৰী নামৰ লোকজনৰো এটা ঘৰ ভাঙি বনৰীয়া হাতীটোয়ে ধান খাই উপদ্ৰৱ চলায় ৷ আনহাতে নাগবাৰী গাঁৱতো ৰাজু ৰাভা নামৰ লোকজনৰ চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ উপৰি সাঁচতীয়া ধানো খায় হাতীটোয়ে ৷

নাগবাৰী গাঁৱৰে লোহিত ৰাভাৰো এটা পকীঘৰত আক্ৰমণ কৰি ধ্বংস কৰে বনৰীয়া হাতীয়ে ৷ একে নিশাই দুখন গাঁৱৰ পাঁচটাকৈ পৰিয়ালৰ ঘৰ, বিভিন্ন আচবাব, ভঁৰাল ভাঙি তাণ্ডৱ সৃষ্টি কৰাৰ পিছতো বন বিভাগ নিৰ্বিকাৰ হৈ থকা বুলি অভিযোগ ৰাইজৰ ৷

বনৰীয়া হাতী খেদি ৰাইজক সহায় কৰাতো দূৰৰ কথা এতিয়ালৈ এটা খবৰে কৰা নাই বন বিষয়া বা কৰ্মচাৰীয়ে ৷ দীৰ্ঘদিনৰ পৰাই ৰংজুলি অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও এই সমস্যা নিৰ্মূল কৰাৰ বাবে বন বিভাগে কোনো ব্যৱস্থাই লোৱা নাই বুলি ভূক্তভোগী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷