অসম

ৰঙিয়াত ভোটাৰ্চ পাৰ্টীৰ নাগৰিকত্ব পুনৰ বিচাৰ সমাৰোহ

asomiyapratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ ভোটাৰ্চ পাৰ্টীৰ নেতা ভৰত গান্ধীৰ ৫১ তম্ জন্মদিনৰ লগত সংগতি ৰাখি দেওবাৰে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় "নাগৰিকত্ব পুণৰ বিচাৰ সমাৰোহ"। ভোটাৰ্চ পাৰ্টীৰ বিশাল সমাৰোহখনত মুখ্যবক্তা হিচাপে উপস্থিত থাকি ভৰত গান্ধীয়ে বিজেপি আৰু কংগ্ৰেছ দলক সমালোচনাৰে থকা সৰকা কৰে। গান্ধীয়ে কয় যে, আমি ৰাজনৈতিক ভাবে অসম তথা ভাৰত বৰ্ষৰ নাগৰিকক ভাগ ভাগ কৰি লাভ নাই। ইয়াত ধৰ্মৰ নামত ৰাজনীতি কৰি লাভ নাই কাৰণ বৰ্তমান সমায়ত হিন্দুৰ শত্ৰু হিন্দু নেতা, মুছলমানৰ শত্ৰু মুছলমান নেতা, বড়ো ৰাইজৰ শত্ৰু বড়ো নেতা, আন ধৰ্মৰ শত্ৰু একে ধৰ্মৰ নেতা।

তেনেস্থলত কিহৰ নামত জাতী ধৰ্মক লৈ ৰাজনীতি বুলি ভোটাৰ্চ পাৰ্টীৰ নেতা গৰাকীয়ে উল্লেখ কৰে। আনহাতে নেতাগৰাকীয়ে অসমৰ ছাত্ৰ সংগঠন আছুৰ কামকাজক তীব্ৰ সমালোচনা কৰে। জিঅ' কোম্পানীৰ স্বত্বাধিকাৰী নীতা আম্বানীৰ মতে বৰ্তমান সময়ত দেশ চলে বুলি নেতা গৰাকীয়ে কয়।

আনহাতে সমাগত বিটিআৰ নিৰ্বাচনত ভোটাৰ্চ পাৰ্টীয়ে ভাগ লোৱাৰ কথা স্পষ্ট ভাবে উল্লেখ কৰে ভৰত গান্ধীয়ে। উক্ত সভাখনত হাইদৰাবাদৰ কেইবাজনো নেতা উপস্থিত থাকি ভাষণ ৰাখে।