অসম

ৰঙিয়াৰ বালাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

asomiyapratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ বালাগাঁৱত সোমবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী কয়লাভৰ্তি এখন ট্ৰাক আৰু বাছৰ সংঘৰ্ষত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় বাছখনৰ চালকে।

নিহত বাছ চালকজনৰ নাম ৰিংকু দাস। দুৰ্ঘটনাতো ইমানেই ভয়াৱহ আছিল যে দ্ৰুতবেগী ট্ৰাক আৰু বাছখন গৈ পথৰ দাঁতিতে থকা দ' খাৱৈত সোমাই পৰে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰঙিয়া আৰক্ষীৰ দল।