অসম

ৰঙিয়াৰ দুৰ্গা পূজাত চিলনী চোৰৰ সন্ত্ৰাস

asomiyapratidin

ডিজিটেল সংবাদ, তুলসীবাৰীঃ দুৰ্গা পূজাৰ আনন্দ উচাহৰ মাজতে ৰঙিয়াত চিলনী চোৰে চলাইছে সন্ত্ৰাস। ব্যপক জনসমাগমৰ ভিৰৰ সুযোগত চিলনী চোৰে যুৱতী-মহিলাৰ সোণৰ আ-অলংকাৰ লুটি নিয়াৰ অভিনৱ কৌশল প্ৰয়োগ কৰি আহিছে।

ৰঙিয়া নগৰৰ কেবাখনো পূজাস্থলীৰ ভিতৰত শিৱ মন্দিৰ বাকৰিত সংঘটিত হৈ আহিছে এই ঘটনা। চিলনী চোৰৰ শেহতীয়াকৈ লক্ষ্য হৈছে যুৱতী-মহিলাৰ সোনৰ আ-অলংকাৰ। পূজাৰ ভিৰৰ মাজত চুৰি কাৰ্য সংঘটিত কৰিয়ে পলায়ন কৰিবলৈ সক্ষম হয় চিলনী চোৰে।

দিনৰ পোহৰতে হওক অথবা ৰাতিৰ আন্ধাৰ যিকোনো মূহুৰ্ততে চোৰে চলাই চাফাই অভিযান। ইতিমধ্যে ঘটনা সন্দৰ্ভত কেইবাগৰাকী যুৱতী-মহিলাই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে।

আনহাতে ঘটনাত জড়িত থকাৰ সন্দেহত ইতিমধ্যে আৰক্ষীয়ে সোধপোচৰ বাবে পশ্চিম বংগৰ তিনি মহিলাক আটক কৰা বুলি জানিব পৰা গৈছে।উক্ত ঘটনাৰ সামান্তৰালকৈ ৰঙিয়া নগৰৰ মহাত্মা গান্ধী পথৰ সংলগ্ন দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানতো চোৰে আজি পুৱতি নিশা তাণ্ডব চলায়।

ইয়াৰে এখন ম'বাইল বিক্ৰী প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৩ লক্ষাধিক মূল্যৰ মবাইল ফোন আৰু নগদ ধনৰ লগতে আনখন বেগৰ দোকানৰ পৰা প্ৰায় ৩০ হাজাৰ টকা লুট কৰি নিবলৈ সক্ষম হয় চোৰে।

শাৰদীয় উৎসৱৰ মাজতে ৰঙিয়া নগৰত সন্ত্ৰাস চলোৱা চোৰক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।