অসম

ৰঙিয়াত বেংকৰ ভিতৰৰ পৰাই লুটিলে ২০ লাখ টকা, চিচিটিভি কেমেৰাত বন্দী হ’ল দৃশ্য

asomiyapratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ সোমবাৰে বিয়লি ৰঙিয়াৰ ইউনিয়ন বেংকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন লোকে ধন জমা কৰিবলৈ আনি কেছ কাউন্টাৰত ৰাখোতে ২০ লাখ টকা লৈ উধাও হয় দুৰ্বৃত্ত। জানিব পৰা মতে ৰঙিয়াৰ বে-চৰকাৰী বাছ আস্থানত থকা গকুল স্ট'ৰ নামৰ ষ্টেচনাৰী সামগ্ৰীৰ পাইকাৰী দোকানখনৰ জনক বৈশ্য নামৰ কৰ্মচাৰীজনে স্বত্তাধিকাৰ গকুল বৈশ্যৰ পুত্ৰৰ সৈতে দোকানৰ ২০ লাখ টকা ইউনিয়ন বেংকত জমা কৰিবলৈ আহিছিল। কৰ্মচাৰীজনে ধনৰ মোনাটো কেছ কাউন্টাৰ ওপৰত ৰাখি ধন জমাৰ পত্ৰখন পূৰন কৰি থকাৰ সময়তে এজন যুৱকে লৈ উধাও হয়।

জানিব পৰা মতে দুৰ্বৃত্তৰ দলটোত আছিল দুজন যুৱক। ধনৰ মোনাটো লৈ যুৱক দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে হুৱাদুৱা লাগে। সমগ্ৰ ঘটনাৰ আংশিক দৃশ্য বন্দী হয় বেংকৰ চি চি টি ভি কেমেৰাত। উক্ত দৃশ্যৰ পৰা সমগ্ৰ ঘটনাত প্ৰায় ২৫ বছৰীয়া এজন যুৱকেই জড়িত থকাৰ কথা পোহৰলৈ আহিছে।

ধন লুট কৰাৰ পূৰ্বে ধন জমা পত্ৰ পূৰন কৰাৰ অভিনয়ো কৰিছিল যুৱকজনে। ৰঙিয়া থানাত দাখিল কৰা হৈছে এজাহাৰ। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।