অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰঙিয়াত অসম গণ পৰিষদৰ জোৰ সমদল

asomiyapratidin

ডিজিটেল সংবাদ,ৰঙিয়াঃ বিজেপি চৰকাৰৰ লগত মিত্ৰতা ভংগৰ পিছত অগপ দলে বিজেপি চৰকাৰ তথা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰদৰ্শন অব্যাহত ৰাখিছে। ৰঙিয়াত শুকুৰবাৰে সন্ধিয়া অগপ দলে জোৰ লৈ বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এক সমদল উলিয়ায়। হাতে হাতে জোৰ লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দি ৰঙিয়াৰ মাজেৰে আগবঢ়া সমদলটোত অগপৰ কৰ্মীসকলৰ লগতে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ লগতে লীলাধৰ শালৈ আৰু অৰ্ণৱ ভড়ালীও উপস্থিত আছিল। বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী গ' বেক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সমদলটো ৰঙিয়া থানাৰ সন্মুখেৰে আগবাঢ়ি গৈ ৰঙিয়া ভুটান বাছ আস্থানৰ মাজেৰে আগবাঢ়ি অগপ কাৰ্য্যালয়ত সমাপ্ত কৰে।