অসম

নীপকোৱে নমাব বিপদ! ১ ফেব্ৰুৱাৰীৰ পৰা ৰঙানদীৰ পাৰলৈ নাযাব…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১ ফেব্ৰুৱাৰীৰ পৰা ৰঙানদীৰ পাৰলৈ নাযাব। গৰু-ছাগলী যাবলৈকো নিদিব। নাপাতিব ইয়াৰ পাৰত বনভোজ। এই সতৰ্কীকৰণ উলাই কৰি নৈ পাৰলৈ যোৱাৰ ফলত কিবা যদি অঘটন হয়, ইয়াৰ কোনো দায়িত্ব নলয় ৰঙানদীৰ উপৰি ভাগত থকা নীপকোৰ ৪০৫ মেগাৱাট শক্তি সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই। এখন সাধাৰণ জাননীতে বিশেষ মেৰামতিৰ অজুহাটত ৫২.৩০ কোটি বৰ্গমিটাৰ পানী এৰি দিয়াৰ কথা জানিবলৈ দি প্ৰকল্পৰ নামনি ভাগত থকা গঁঞাৰ জীৱনৰ লগতে ঘৰ-দুৱাৰ, পশু-পক্ষীৰ সাম্ভাৱ্য ক্ষতিৰ দায়িত্ব ল'বলৈ এনেদৰেই অস্বীকাৰ কৰিছে উত্তৰ-পূব বিদ্যুৎ শক্তি নিগমে।

উল্লেখযোগ্য যে, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে নীপকোই ৰঙীনদীৰ উপৰি ভাগত ফেজ-১, ফেজ-১ প্ৰকল্প দুটাৰ প্ৰয়োজনী মেৰামতিৰ বাবে ৪০৫ মেগাৱাটৰ ১৩৪ মিটাৰ ওখ বান্ধৰ উপৰি ভাগত জমা থকা ৫২.৩০ কোটি বৰ্গমিটাৰ পানী শ্লুইছ গেটেৰে নামনিলৈ খুলি দিয়া হ'ব বুলি নীপকোৰ ৰঙানদী প্ৰকল্পৰ অৰুণাচলস্থিত কাৰ্যালয়ৰ জ্যেষ্ঠ মহাপ্ৰবন্ধকে এক সাধাৰণ জাননীত জানিবলৈ দিছে। লগতে এই কথাও জনোৱা হৈছে যে, ১ ফেব্ৰুৱাৰীৰ পৰা ৩০ এপ্ৰিললৈ ৩ মাহ ধৰি প্ৰকল্পটোৰ বিভিন্ন অংশত মেৰামতিৰ কাম চলিব আৰু ইয়াৰ বাবে পাৱাৰ হাউছো বন্ধ থাকিব।

তাৰিখবিহীন উক্ত জাননীখনত কোৱা হৈছে যে- উক্ত পানী খুলি দিয়াৰ ফলত ৪ দিনৰ বাবে ৰঙানদীৰ পানী প্ৰবহণৰ স্বাভাৱিক পৰিমানতকৈ ১ কিউছেক পানী বৃদ্ধি পাব। সাধাৰণভাৱে জাৰি কৰা এই জাননীখনত কোৱা হৈছে যে- প্ৰকল্পটোৰ টানেল, পাৱাৰ হাউছ আদিৰ মেৰামতিৰ বাবে ৪ দিনৰ কাৰণে এই পানী এৰি দিয়া হ'ব। আৰু পৰৱৰ্তী সময়ত ই পুনৰ স্বাভাৱিক হৈ পৰিব। লগতে উক্ত কেইদিনত প্ৰকল্পটোৰ উৎপাদন কাৰ্যও বন্ধ থাকিব।

আচৰ্যজনক কথাটো হ'ল- যদিও টানেল আৰু পাৱাৰ হাউছৰ মেৰামতিৰ বাবেহে এয়া অপৰিহাৰ্য বুলি কোৱা হৈছে আৰু ইয়াৰ ফলত বিপদৰ কোনো আশংকা নাই বুলি কোৱা হৈছে, তাৎপৰ্যপূৰ্ণভাৱে একেখন জাননীতে উক্ত কাৰ্যৰ পৰিপ্ৰেক্ষিতত সেই কেইদিনত অৰুণাচল আৰু অসমৰ ৰঙানদী তথা প্ৰকল্পৰ দাতিকাষৰীয়া অঞ্চলৰ কোনো লোককে নদীৰ পাৰত বনভোজ খাবলৈ বা আন কামত নাযাবলৈ সতৰ্ক কৰি দিয়াৰ উপৰিও মেথোন, গৰু, ছাগলীকে ধৰি অন্যান্য জীৱ-জন্তু নৈ পাৰলৈ মেলি নিদিবৰ কাৰণে কোৱা হৈছে।

তাতোকৈ ডাঙৰ কথা যে, এই সতৰ্কীকৰণ সত্তেও কোনো লোক বা জীৱ-জন্তু নৈ পাৰলৈ যোৱাৰ ফলত যদিহে কোনো অবাঞ্চিত অঘটন হয়, তেনেহ'লে তাৰ দায়িত্ব নীপকোৰ নাথাকিব বুলিও স্পষ্ট কৰি দিয়া হৈছে। এনেদৰে এখন জাননীপত্ৰ মেলিয়েই অৰুণাচল তথা নামনিত থকা অসমৰ মানুহৰ জীৱনৰ দায়িত্বও অস্বীকাৰ কৰা নীপকোৰ এই কাৰ্যক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দিক্ৰং আৰু ৰঙানদী প্ৰকল্পৰ সমীপৱৰ্তী এলেকাৰ বিভিন্ন দল-সংগঠনে আজি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমতো ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ নদীবান্ধ বিৰোধী আন্দোলনৰ এগৰাকী নেতা তথা অধিবক্তা তুলাৰাম গগৈয়েও নীপকোৰ এনে দায়িত্বহীন কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ এই বুলিও অভিযোগ কৰিছে যে- কেৱল মেৰামতিৰ উদ্দেশ্যেই গোটেই কেইখন শ্লুইছ গেটেৰে ৰিজাৰ্ভাৰৰ সমুদায় পানী খুলি দিবলৈ লোৱাৰ আঁৰত ৰিজাৰ্ভাৰত জমা হোৱা বৃহৎ পৰিমানৰ বালি নামনিলৈ বোৱাই পঠিওৱাৰ আশংকাও নথকা নহয়।

এনেদৰে প্ৰকল্পটোৰ পৰা পঠিওৱা বালিয়ে ইতিমধ্যে চিৰপ্ৰবাহমান ৰঙানদী শৰালি কালত মৰুভূমিত পৰিণত কৰাইছে। আৰু নদীৰ বুকু এনেদৰে বালিয়ে পোতি পেলোৱাৰ ফলতেই বাৰিষা বানৰ তাণ্ডৱে নৈপৰীয়া ৰাইজৰ গাওঁ-ভূঁই উচন কৰিছে যদিও নীপকোৱে কোনো দায়িত্ব লোৱা নাই। এতিয়াও চূড়ান্ত দায়িত্বহীনভাৱে এখন জাননী জাৰি কৰিয়েই মানুহৰ জীৱন বিপন্ন কৰিবলৈ লোৱা এই কাৰ্যৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কোনো মাত মতা নাই। সেয়ে তেওঁ এনে দুষ্কাৰ্যৰ প্ৰতিবাদ কৰি ৰাইজৰ জীৱন-জীৱিকাৰ দায়িত্ব নীপকোক ল'বলৈ বাধ্য কৰোৱাৰ বাবে ৰাজ্য চৰকাৰক দৃঢ় পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে প্ৰাক্তন ছাত্ৰ নেতা তুলাৰাম গগৈয়ে।