অসম

ৰঙামাটিত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক চমজালে বৃহৎ পৰিমানৰ লালীগুড়…

asomiyapratidin

ডিজিটেল সংবাদ, কাকডোঙাঃ গোলাঘাট সুৰা ট্ৰেজেদীৰ পিছতো অব্যাহত ৰখা লালীগুড়ৰ অবাধ সৰবৰাহ কৰিবলৈ সাহস কৰা এজন ক'লা ব্যৱসায়ী অৱশেষত পৰিল ৰাইজৰ জালত। চুলাই মদ প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰা লালীগুড়ৰ সৰবৰাহ এতিয়াও মুকলি ভাবে চলাই থকা হৈছে জিলাখনত। চুলাই তৈয়াৰ কৰিবলৈ অনা বৃহৎ পৰিমানৰ লালী গুৰ দেওবাৰে জব্দ কৰা হয় দেৰগাৱঁৰ ৰঙামাটিত ।

লংকাৰ পৰা দেৰগাৱঁৰ ৰঙামাটিলৈ এখন ডি আই গাড়ীৰে কঢ়িয়াই অনা লালীগুৰ সমূহ স্থানীয় লোকে জব্দ কৰি আৰক্ষীক গতাই দিয়ে । গাড়ীখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে যদিও মূল ব্যৱসায়ী ৰাজকুমাৰ চাহু সম্প্ৰতি পলাতক । অভিযোগ অনুসৰি এই ৰাজকুমাৰ চাহুয়ে বহু দিনৰ পৰাই চলাই আহিছে লালীগুড়ৰ অবাধ বেহা ।

উল্লেখযোগ্য যে, লালীগুড়ৰ অবাধ বেহা চলাই থকা এইজন ৰাজকুমাৰ চাহুয়ে গোলাঘাটৰ চুলাই কাণ্ডৰ সময়তো ক'লা ব্যৱসায় চলাইছিল । দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত আৰু ৰঙামাটিত লালীগুড় সমুহ জমা কৰি চুলাই বেপাৰী আৰু অবৈধ গুৰ বেপাৰীক লালিগুৰ সমুহ বিক্ৰী কৰি আহিছিল ।প্ৰকৃত কৃষকৰ গুড়ৰ সৈতে লালিগুড়ৰ টিং সমূহ একেলগে ৰাখি দীৰ্ঘদিনৰে পৰা সচেতন ৰাইজৰ চকুত ধুলি দি অহা কোটিপতি ক'লা ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰাৰ দাবী সমিতিৰ লগতে বিভিন্ন দল সংগঠনে জনাইছে।