অসম

অগপ ফুটা আৰু খালী টিংঃ ৰামেশ্বৰ তেলী, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি আৰু অগপই পৰস্পৰে পৰস্পৰক সমালোচনা কৰিছে। বুধবাৰে মাঘেৰিটা বৰগুলাইত অনুষ্ঠিত হোৱা এক পঞ্চায়ত নিৰ্বাচনী সভাত সাংসদ ৰামেশ্বৰ তেলীয়ে ক'লে- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আই এম ডি টি আইন বাতিল কৰিলে। ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ মূল্যৰ বিনিময়ত জন্ম হোৱা অগপৰ এজনো সাংসদ নাই বুলি মিত্ৰ দলটোক তাচিল্য কৰে সাংসদ তেলীয়ে।

ইয়াৰোপৰি সাংসদ ৰামেশ্বৰ তেলীয়ে অগপ ফুটা টিং আৰু খালী টিং বজোৱা দল আৰু কংগ্ৰেছ দলক সহায় কৰা বুলিও অভিযোগ।লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰিবলৈ অগপৰ ক্ষমতা নাই বুলিও কয় সাংসদ ৰামেশ্বৰ তেলীয়ে।