অসম

বিৰোধী শূণ্য হোৱাৰ বাবে এতিয়া সাংবাদিকৰো প্ৰশ্নৰ অভাৱ ঘটিছেঃৰামেশ্বৰ তেলী

asomiyapratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা: পৌৰসভা নিৰ্বাচনৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মাৰ্ঘেৰিটাৰ ৩০টা ভোটগ্ৰহণ কেন্দ্ৰত দেখা গ'ল যথেষ্ট সংখ্যক ভোটাৰ ৰাইজ। মাৰ্ঘেৰিটাত ২৩, ৯৯০ গৰাকী ভোটাৰৰ, পুৰুষ ভোটাৰ ১২১৩৪ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ হৈছে ১১৮৫৬ গৰাকী ভোটাৰে ২১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে বিজেপি ৯, অগপ ১, কংগ্ৰেছ ৬, অ জা প'ৰ ৪, নিৰ্দলীয় ১ জন।

পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত ২০২২ বৰ্ষৰ নিৰ্বাচনত এইবাৰ সৰ্বামুঠ ৬৩.৮৭ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই ১নং আলুবাৰী প্ৰাথমিক বিদ্যালয়ত তেখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদমাধ্যমৰ আগত কয় বিজিপে মিত্ৰজোটেই মাৰ্ঘেৰিটা পৌৰসভাত সৰ্বাধিক সংখ্যাক ভোট লাভ কৰি পৌৰসভা পুনৰ দখল কৰিবলৈ সক্ষম হ'ব। যিহেতু বিৰোধী মাৰ্ঘেৰিটা শূন্য বুলি উল্লেখ কৰে।

অন্যহাতে মাৰ্ঘেৰিটা পৌৰসভা নিৰ্বাচনৰ খবৰ ল'বলৈ আজি উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলি। মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেল পথাৰত সাংবাদিক কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন পৌৰসভা এইবাৰ বিজেপি মিত্ৰজোটেই দখল কৰিবলৈ সক্ষম হ'ব। বৰ্তমান বিৰোধী ইমানেই দুৰ্বল যে পৌৰসভা নিৰ্বাচনত এইবাৰ প্ৰচাৰ সময়ত সমৰ্থক অভাৱত বহু অঞ্চলত বিৰোধীয়ে প্ৰচাৰে চলোৱা পৰিলক্ষত নহ'ল। লগতে কয় যে বিৰোধী শূণ্য হোৱাৰ বাবে এতিয়া সাংবাদিকৰো প্ৰশ্নৰ অভাব ঘটিছে। উল্লেখ যে প্ৰতিটো নিৰ্বাচনৰ দৰে এইবাৰো মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হয়।