অসম

দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী তেলী

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ সনাতন ধৰ্মসভাত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ দত্তোপন্ত ঠেঙাদি নেচনেল ব'ৰ্ড ফৰ ৱৰ্কাৰছ এডুকেচন এণ্ড ডেভেলপমেণ্টৰ উদ্যোগত আৰু অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সহযোগত অসংগঠিত শ্ৰমিকৰ বাবে দুদিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহোপুৰুষাৰ্থ কৰিছে। আমি দৰঙত মিনি ফুড প্ৰচেছিং পাৰ্ক স্থাপন কৰিছো য'ত বহুলোকে কৰ্মসংস্থাপন পাব। তদুপৰি ধানৰ খোলাৰ পৰা বায়'ইথানল নিষ্কাশন কৰাৰ কথাও ভাবি আছো। প্ৰশিক্ষণ লাভ কৰা ২৫৫ জন শ্ৰমিকক তেওঁ শুভকামনা জনায় ।

মন্ত্ৰীগৰাকীয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি দত্তোপন্ত ঠেঙাদীয়ে জীৱন অতিবাহিত কৰিছিল বুলি ভাষণত উল্লেখ কৰে । তেওঁ ই শ্ৰম পৰ্টেল পঞ্জীয়ন গুৰুত্বপূৰ্ণ আৰু অসংগঠিত খণ্ডৰ কৰ্মীসকলে সুবিধা লাভৰ বাবে নিজেই পঞ্জীয়ন কৰিব লাগিব বুলি কয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পি এম শ্ৰম যোগী মন ধন যোজনা যে এটা ভাল আঁচনি তাৰ ওপৰতো বক্তব্য ৰাখে আৰু জৰুৰীকালীন প্ৰয়োজনীয়তা চোৱা-চিতাৰ বাবে উপকাৰী বুলি কয় ।

তেওঁ কয় যে এটা জিলা এটা প্ৰডাক্ট – তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ত থাকোঁতে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। তাৰ সুবিধা জনসাধাৰণে লোৱা উচিত।

বুধবাৰৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে ২৫৫ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে আৰু কাইলৈ আন এক অনুষ্ঠানত ৭২৫ গৰাকী হিতাধিকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰিব ।

মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সকলো শ্ৰেণীৰ লোকৰ সমবিকাশ সম্ভৱপৰ হৈছে ।

ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়েও এই কাৰ্যসূচীত ভাষণ দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অধিক সংখ্যক উন্নয়ন আঁচনি ৰূপায়ণ কৰি আছে। লগতে বিভিন্ন আঁচনিৰ সুবিধা লোৱাৰ বাবে সংগঠিত খণ্ডৰ কৰ্মীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

জিলা উপায়ুক্ত প্ৰণৱ কমাৰ শৰ্মাই কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে অসংগঠিত খণ্ডৰ কৰ্মীসকল উপকৃত হ'ব। প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে মন্ত্ৰী ৰামেশ্বৰ তেলীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।