অসম

লামডিং শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত হোজাই জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠানৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ দেওবাৰে লামডিং ৰেলৱে ইনষ্টিটিউত লামডিং শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত হোজাই জিলা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসচীৰে ৰামধেনু অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত লামডিং শাখা সাহিত্য সভাৰ সভাপতি কামাখ্যা প্ৰসাদ হাজৰিকাই পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।

ৰামধেনু অনুষ্ঠানত হোজাই জিলা সাহিত্য সভাৰ শাখা সমূহৰ পৰা নিৰ্বাচিত শিল্পী সকলে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে এক অন্তৰংগ অনুষ্ঠানও অনুষ্ঠিত হয়। হোজাই জিলাৰ সাহিত্য সভাৰ সভাপতি ড° ইন্দ্ৰজিৎ বেজবৰুৱাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে যোগদান কৰে গল্পকাৰ সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই। অনুষ্ঠানটিত আজি প্ৰদৰ্শন কৰা শিল্পী সকলক উদ্গনি মূলক বঁটা প্ৰদান কৰাৰ অন্তত ৰামধেনুৰ সন্দৰ্ভত এখনি আলোচনা চক্ৰত মিলিত হয় ।

এই অনুষ্ঠানত জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷