অসম

কোকৰাঝাৰত দণ্ডাধীশক লপা থপা! প্ৰথমবাৰৰ বাবে মুখ খুলিছে আৰক্ষী অধীক্ষক ৰাজেন সিঙে, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে দণ্ডাধীশ শৈলেন দত্ত দাসক প্ৰহাৰ কৰা কাণ্ডক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে শনিবাৰে ৰাজেন সিঙে নিজ প্ৰতিক্ৰিয়া ব্যাক্ত কৰিছে। শনিবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত ৰাজেন সিঙে নিজ প্ৰতিক্ৰিয়া ব্যাক্ত কৰি কয় যে, উক্ত ঘটনাটো কোনো "ইণ্টাৰ চাৰ্ভিচ" বা চাকৰিকেন্দ্ৰিক নহয় বৰং উক্ত ঘটনাটো হ'ল হোষ্টেলৰ দুই বন্ধুৰ মাজত সংঘটিত হোৱা এক ঘটনা।

শৈলেন দত্ত দাস তেওঁৰ ভাল বন্ধু আৰু কটন কলেজৰ ৰজনীকান্ত আৱাসগৃহত একেলগে থকা বুলি মন্তব্য কৰি ৰাজেন সিঙে কয় যে, সেয়া নিত্যান্তই দুই প্ৰাক্তন আৱাসীৰ মাজত কাজিয়াহে আছিল। অৱশ্যে বৰ্তমান তদন্ত অব্যাহত থকাৰ বাবে অধিক মন্তব্যৰ পৰা বিৰত থাকে অধীক্ষকগৰাকী।