অসম

ৰাজেন গোঁহাইৰ বিৰুদ্ধে গোচৰঃ কি কয় নগাঁও আৰক্ষী অধীক্ষকে?

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ পাছত বিষয়টো সন্দৰ্ভত মুখ খুলিলে নগাঁও জিলা আৰক্ষী অধীক্ষক এছ ৰায় মেধিয়ে।

সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে- মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ গোচৰ তৰিছে আৰু ইয়াৰ বিপৰীতে ৰাজেন গোঁহাইৰ পুত্ৰই দেউৰীগাঁৱৰ মহিলাগৰাকীৰ স্বামীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন বিচাৰি ব্লেকমেইল কৰাৰ অভিযোগ তুলি আন এক গোচৰ ৰুজু কৰিছে।

চাকৰিৰ প্ৰলোভনেৰে যৌন নিৰ্যাতনৰ অভিযোগ তোলা মহিলাগৰাকীয়ে দিয়া গোচৰ নম্বৰ ২৫৯২/১৮ ভাৰতীয় দণ্ডবিধি ৪১৭/৩৭৬/৫০৬ ধাৰা অধীনত এই গোচৰ ৰুজু হৈছে।

লক্ষণীয় যে, এই গোচৰ প্ৰত্যাহাৰৰ বাবেও আবেদন জনাইছিল মহিলাগৰাকীয়ে। ইফালে, ৰাজেন গোঁহাইৰ পুত্ৰৰ এজাহাৰ গ্ৰহণ কৰি আৰক্ষীয়ে তেওঁৰ হাতত তথ্যপ্ৰমাণ বিচৰা বুলি জানিবলৈ দিয়ে। আৰু জেৰাৰ প্ৰয়োজন হ'লে মহিলাগৰাকী তথা তেওঁৰ স্বামীক আৰক্ষীয়ে জেৰা কৰিব বুলিও জানিবলৈ দিয়ে।