অসম

ৰেল’ৱে স্কেপ কেলেংকাৰীঃ অচিৰেই গ্ৰেপ্তাৰ হ’ব মালিগাঁৱৰ ৪বিষয়া…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ পূব সীমান্ত ৰেলৱেৰ একাংশ বিষয়া-কৰ্মচাৰী মিলি দীৰ্ঘদিন ধৰি চলাই অহা স্কেপ কেলংকাৰীৰ তদন্ত দ্ৰুতগতিত আগবাঢ়িছে। কোটি টকীয়া এই কেলেংকাৰীৰে জড়িত লামডিং ডিভিজনৰ আৰ পি এফৰ পৰিদৰ্শক জয়ন্ত দাসক গ্ৰেপ্তাৰ কৰাৰ পাছত কেলেংকাৰীৰে জড়িত আন কেইবাগৰাকীও ৰেল বিষয়াক অচিৰেই গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি- মালিগাঁও,তিনিচুকীয়া, লামডিং আদিতো এই কেলেংকাৰী সংঘটিত হৈ আহিথে দীৰ্ঘদিন। বিশেষ ৰেল আৰক্ষী চমুকৈ এছ আৰ পিয়ে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে ৰাজীৱ মজুমদাৰ, প্ৰশান্তকান্তি সৰকাৰ, দিপাংকৰ ৰয় নামৰ তিনিজন ব্যৱসায়ীক।

ইয়াৰ উপৰিও ট্ৰাক চালক ৰাজীৱ ৰয়, পৰিমল, টানিয়া বিশ্বাসকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই কেলেংকাৰীৰ সন্দৰ্ভত জালুকবাৰীৰ মাইনুল ইছলামৰ লগতে ভৰলুমুখৰ এটা দলকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।

স্কেপ কেলেংকাৰীৰ তদন্তকাৰী দলে দুই এদিনতে গ্ৰেপ্তাৰ কৰিছে আন চাৰিজন ৰেলৱে বিষয়াক। ইফালে আটক আৰ পি এফৰ পৰিদৰ্শক জয়ন্ত দাসক আত্মসৰ্মপণৰ নাটক কৰি ৰক্ষণাবেক্ষণ দিয়াৰ বাবে ততপৰ হৈ পৰিছে এটা চক্ৰ।

লামডিং, ডিমা হাচাও ৰেলপথ সম্প্ৰসাৰনৰ কাম সময়ত সেই ৰেলপথত থকা পুৰণি ৰেলৰ চিৰি এই চক্ৰটোৱে মিলি বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছিল। ইয়াৰ পূৰ্বেও ৰেল বিভাগৰ বহু পুৰণা যন্ত্ৰ-পাতি, লোহা এই চক্ৰটোৱে মিলি বিক্ৰী কৰি আহিছে।