অসম

নাৰায়ণপুৰত ৰাইজৰ দলৰ বৃহৎ প্ৰতিবাদী সমদল…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : কাৰাৰুদ্ধ অখিল গগৈক মুক্তিৰ দাবীত নাৰায়ণপুৰত ৰাইজৰ দলৰ বৃহৎ প্ৰতিবাদী সমদল ৷ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ শইকীয়াৰ নেতৃত্বত সহস্ৰাধিক দলীয় সমৰ্থকে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হাতে হাতে দলীয় পতাকা লৈ অখিল গগৈক মুক্তি দিয়ক,ৰাইজৰ দল জিন্দাবাদ,বিজেপি হুচিয়াৰ,সৰ্বানন্দ সোনোৱাল গ'বেক,হিমন্ত বিশ্ব শৰ্মা গ'বেক,আদি প্ৰতিবাদী শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ।

সমদল কাৰী সকলে জৰাবাৰীস্থ জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ সামৰণি মাৰে এই প্ৰতিবাদী কাৰ্যসুচী ৷ প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ডা. হৰিকান্ত দাসে,লখিমপুৰ জিলা সমিতিৰ সভাপতি আজাদ হাজৰিকা,উপ-সভাপতি যাদব হাজৰিকা প্ৰমুখ্যে কেবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে ।