অসম

পতাকা উত্তোলনেৰে মৰাণত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ৰাইজৰ দলৰ জাতীয় অভিবৰ্তন…

asomiyapratidin

ডিজিটেল ডেস্ক : ৭ জানুৱাৰী বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথম খন জাতীয় অভিবৰ্তন । তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ জাতীয় অভিৱৰ্তন। মৰাণত ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীত অনুষ্ঠিত হ'ব এই আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰথম খন অভিৱৰ্তন।

৭ জানুৱাৰী বৃহস্পতি বাৰে ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ'ব ৰাজনৈতিক দলটোৰ প্ৰথম খন অভিবৰ্তন । পতাকা উত্তোলন কৰিব পদ্মভূষণ জাহ্নু বৰুৱাই।ইফালে বৃহস্পতিবাৰৰ দিনটোত ৯.৩০ বজাত শ্বহীদ তৰ্পন, ১০ বজাত প্ৰতিনিধি পঞ্জীয়ন, ১১ বজাত প্ৰতিনিধি শিবিৰ মুকলি, ১১.৩০ বজাত সতীৰ্থ সন্মিলন, দিনৰ ২ বজাত আহাৰ বিৰতি তাৰপাছত ৩ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব।

ইতিমধ্যে মৰাণত উপস্থিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ আৰু ছাত্ৰ মুক্তি সংবাদ সমিতিৰ ধৈৰ্য কোঁৱৰ, ভাস্ক' ডি শইকীয়া, অৰূপ বৰবৰা, ড০ নাৰায়ণ শৰ্মা, কমল কুমাৰ মেধি, বিতু সোণোৱা, মানস কোঁৱৰকে ধৰি ৭০ সংগঠনৰ সদস্যসকলৰ লগতে বহু নেতা-কৰ্মী।