অসম

ৰাইজৰ দল এৰি ‘আপ’লৈ যোগদান বহু নেতা-কৰ্মীৰ

asomiyapratidin

ডিজিটেল ডেস্ক: এইবাৰ বিজেপি নহয়, আম আদমি পাৰ্টিত উঠিছে অন্য দলৰ নেতা যোগদানৰ জোৱাৰ। সোমবাৰে ৰাইজৰ দলৰ বহু নেতা-কৰ্মীয়ে দল ত্যাগ কৰি আপত যোগদান কৰাৰ যো জা চলাইছে।

সোমবাৰে আপত যোগ দিব কমল কুমাৰ মেধিয়ে। কিছুদিন পূৰ্বে ৰাইজৰ দল এৰিছিল কমল কুমাৰ মেধিয়ে। তাৰ পাছতেই দিল্লীত আপত যোগ দিব ৰাইজৰ দলৰ বহু নেতা-কৰ্মীয়ে।

জিতুল ডেকায়ো যোগ দিয়াৰ সম্ভাৱণা আছে আপত । আজি ৰাইজৰ দল ত্যাগ কৰিছিল জিতুল ডেকাই। জিতুল ডেকা আছিল ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি

ৰাইজৰ দলৰ কেইবা গৰাকীও নেতাই যোগ দিব আপত । দীপাংকৰ কলিতা, অনুৰূপা ডেকাৰজাই যোগ দিব আপত। দিব্যজ্যোতি শৰ্মা, বিনয় ডেকায়ো যোগ দিব আপত।