অসম

বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসক গ্ৰেপ্তাৰ কৰিলে নেকি?

Asomiya Pratidin

ডিজিটেল ডেস্ক: বিতৰ্কিত ঠিকাদাৰ নৃপেন দাসৰ বাসগৃহত ২ নৱেম্বৰত আয়কৰ বিভাগে অভিযান চলাইছিল। বাসগৃহৰ উপৰিও তেওঁৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানত চলোৱা এই অভিযানত এক সূত্ৰ মতে কেইবাকোটি টকা উদ্ধাৰ কৰা হৈছিল।

অৱশ্যে সেই সন্দৰ্ভত আয়কৰ বিভাগে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই। কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত নৃপেন দাস আছিল সমাজ কল্যান বিভাগৰ উঠি ৰজা -বহি ৰজা। বিভাগটোত ঠিকাৰ নামত বহুকোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল দাসৰ বিৰুদ্ধে।

ব্যৱসায়ী তথা ঠিকাদাৰ জনৰ বেলতলা সমন্বয় পথত থকা ঘৰ আৰু এন আৰ ডি গ্ৰুপৰ মুখ্য কাৰ্যালয়, বেলতলা বশিষ্ঠপুৰৰ ৪ নং বাইলেনত থকা ঘৰ,বেলতলা লক্ষী মন্দিৰ সমীপত থকা মেট্ৰিক্স মল,গনেশগুৰিৰ ভি২ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান, গুৱাহাটী থকা এটা সংবাদ প্ৰতিষ্ঠান আৰু দিল্লীত থকা দাসৰ কাৰ্যালয়ত আযকৰ বিভাগৰ বৃহৎ দলে একে সময়তে অভিযান চলাইছিল।

পুৱা ৪.৩০ বজাৰ পৰা চলোৱা এই অভিযানত যথেষ্ঠ সংখ্যক কৰ ফাঁকি দিয়া তথ্য , সম্পত্তিৰ বহু নথি পত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰা হৈছে বুলি সূত্ৰটোৱে জানিব দিছে। ডেৰশ জনীয়া এটা দলে এই অভিযান চলাইছিল।

অভিযানৰ দুদিনৰ পাছতেই নৃপেন দাস আৰু পুত্ৰ দিল্লীলৈ ৰাওনা হয়। সম্ভৱত দিল্লীত জেৰাৰ বাবে দুয়োকে তলব কৰা হৈছে। এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে ইডি বা আয়কৰ বিভাগে কোনো কথা সদৰি কৰা নাই যদিও এই বিতৰ্কিত ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰা বুলিও খবৰ বিয়পি পৰিছে। সেই খবৰৰ সত্যতা এতিয়ালৈকে জানিব পৰা হোৱা নাই।