অসম

সংগ্ৰামী নেতাৰ সাক্ষাতত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ আশ্বাস ৰাহুল গান্ধীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ বিদেশী বিতাড়ন আন্দোলনৰ পৰা বিগত চাৰি দশকত আছু অথবা ৰাজ্যখনৰ সংগ্ৰামী শক্তিৰ বাবে আজিৰ দিনটো হয়তো সবাতোকৈ দুখদায়ক দিনৰূপে চিহ্নিত হৈ ৰ'ব। কিয়নো যি আছুৰ নেতৃত্বত আৰু জাতীয় সংগঠন সমূহৰ দ্বাৰা যৌথভাৱে গঠিত গণসংগ্ৰাম পৰিষদৰ সহযোগত এই আন্দোলন চলিছিল আৰু ক্ষমতাক্ষীন কংগ্ৰেছক বিগত সময়চোৱাত এক প্ৰকাৰ বৰ্জন কৰি চলিছিল। সেই আছু আৰু জাতীয় সংগঠনসমূহে শুকুৰবাৰে ৪০ বছৰৰ পিছত বাংলাদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ বিজেপি চৰকাৰে চলোৱা প্ৰচেষ্টাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ কৰি অনুৰোধ জনাব লগা হৈছে। তাতে এনে এসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দিবলৈ কংগ্ৰেছৰ সহায় বিচাৰিব লগা হৈছে, যি সময়ত ৰাজ্য শাসনৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আছুৰেই প্ৰাক্তন সভাপতি তথা আছুৰ দ্বাৰা জাতীয় নায়ক হিচাপে চিহ্নিত সৰ্বানন্দ সোণোৱালে।

আছু-নেছ'ৰ প্ৰতিনিধি দলটো.
আছু-নেছ'ৰ প্ৰতিনিধি দলটো.

উল্লেখ্য যে শুকুৰবাৰে পুৱাৰে পৰা সুকীয়া সুকীয়াকৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত নেছ'ৰ প্ৰতিনিধি দল, ড০ হীৰেণ গোঁহাইৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ প্ৰতিনিধিৰ দল আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ৭০ সংগঠনক প্ৰতিনিধিত্ব কৰি যোৱা দলটোৱে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ কৰে। সাক্ষাৎকালত প্ৰতিটো দলেই ধৰ্মৰ ভিত্তিত অসমত হিন্দু বাংলাদেশীক সংস্থাপনৰ লক্ষ্যৰে লোকসভাত এক পক্ষীয়ভাৱে চৰকাৰে অনুমোদন কৰোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত বাতিল কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণৰ বাবে অনুৰোধ জনায়।

ড০ হীৰেণ গোঁহাইৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ প্ৰতিনিধি দল…

অৱশ্যে ৰাহুল গান্ধীয়ে বিষয়টো সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰি উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি দিয়া আশ্বাসক ড০ হীৰেণ গোঁহাইৰ নেতৃত্বত যোৱা দলটোৱে বিশ্বাস কৰা বুলি ইতিমধ্যে মন্তব্য কৰিলেও স্পষ্ট উত্তৰ নোপোৱাত আশ্বস্ত হ'ব পৰা নাই অখিল গগৈৰ নেতৃত্বত যোৱা ৭০ সংগঠনৰ প্ৰতিনিধি দলটো।

অখিল গগৈৰ নেতৃত্বত যোৱা ৭০ সংগঠনৰ প্ৰতিনিধি দলটো

কিন্তু পৰিৱৰ্তীত পৰিস্থিতি আৰু জাতি ৰক্ষাৰ তাগিদাত আন্দোলনৰ পৰৱৰ্তী কালত ইউ পি এ চৰকাৰৰ শাসনকালত তদানীন্তন ইউ পি এ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলেও, প্ৰথমবাৰলৈ কংগ্ৰেছ অধ্যক্ষক সাক্ষাৎ কৰা আছু আৰু নেছ'ৰ দলটোক তিনিটা বিষয়ত স্থিতি স্পষ্ট কৰি দিয়ে ৰাহুল গান্ধীয়ে।

দলটোৰ নেতৃত্বত যোৱা আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে, সেই তিনিটা বিষয় হ'ল-

১. অসম চুক্তি কোনো ক্ষেত্ৰতেই উলংঘন হোৱা চৰকাৰৰ পদক্ষেপক ৰাজ্যসভাত সমৰ্থন নকৰে কংগ্ৰেছৰ সাংসদসকলে।

২. উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা আৰু সন্মান হানি কৰিব পৰা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিব কংগ্ৰেছে।

৩. ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কয়- ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক তেওঁলোকে বিৰোধিতা কৰিব।

কিন্তু আছু-নেছ'ৰ প্ৰতিনিধি দলটোৱে কেৱল কংগ্ৰেছৰ সাংসদ নহয়, ইউ পি এত থকা সকলো দলৰ সাংসদকে ইয়াৰ বিৰোধ কৰাৰ বাবে সৈমান কৰাৰ দায়িত্বও ল'বলৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক আহ্বান জনায় যদিও, তেওঁ বিষয়টো তেওঁ গুৰুত্বসহকাৰে আলোচনা কৰিব বুলি কয়।

আনহাতে, আছু উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে- 'আমি স্পষ্টভাৱে এই কথা কৈ দিছো যে, লোকসভাত সদন ত্যাগ কৰি প্ৰতিবাদ কৰাৰ দৰে নহয়, ৰাজ্যসভাত উপস্থিত থাকি সাংসদ সকলে নাগৰিকত্ব সংশোধনী বিধেয়কক প্ৰতিৰোধ কৰাতোহে আমি বিচাৰো। তেতিয়াহে আমি কংগ্ৰেছ অধ্যক্ষগৰাকীৰ এই এই আশ্বাসত আশ্বস্ত হ'ব পাৰিম।'