অসম

চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ এক মাৰ্চত মুকলি কৰা হ'ব বহু বিতৰ্কিত ৰহাৰ টোলগেট। ইতিমধ্যে নিশ্চিত হৈছে এই কথা। টোল সংগ্ৰহৰ দায়িত্ব কাইনেটিক নামৰ অসমৰ এটা কোম্পানীক অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে। টোলগেট মুকলি কৰিবলৈ নগাওঁ জিলা প্ৰশাসনেও তীব্ৰ তৎপৰতা লৈছে।

ইপিনে ১ মাৰ্চৰ পৰা টোলগেট মুকলি কৰিব বুলি খবৰ লাভ কৰি পুনৰ সোচ্চাৰ হৈছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি। দুয়োটা সংগঠনৰ দাবী টোলগেটৰ যাৱতীয় সা-সুবিধা তথা পথ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে আৰু তেওঁলোকে যি ত্ৰিপাক্ষিক বৈঠকৰ দাবী কৰিছে তথা চৰ্ত পূৰণ নোহোৱালৈকে টোলগেট কোনো কাৰণতে খুলিব দিয়া নহ'ব বুলি হুংকাৰ দিছে।

উল্লেখ্য যে, চৰকাৰে তৃতীয়বাৰলৈ টোলগেট মুকলি কৰিবলৈ যো-জা চলোৱাত যোৱা ২২ ফেব্ৰুৱাৰীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত যুৱ ছাত্ৰ পৰিষদে টোলগেটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তেওঁলোকৰ কেইবাটাও দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ লগতে চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পৰিষদৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ দাবী কৰিছিল।

কিন্তু ইয়াৰ কোনো আলোচনা নোহোৱাকৈয়ে চৰকাৰে ১মাৰ্চৰ পৰা টোলগেটটো মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। সেয়ে পুনৰ জাঙুৰ খাই উঠিছে এজেৱাইচিপি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টোলগেট মুকলি কৰাত পুনৰ বাধা দিব বুলি হংকাৰ দিছে৷