অসম

ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ সৰাগাৱঁত দিন দুপৰতে সংঘটিত হৈছে এক চুৰিকাণ্ড। ঘৰত গৃহস্থ নথকাৰ সুযোগতে মঙলবাৰে দুপৰীয়া চোৰে চলালে এই চাফাই অভিযান। সৰাগাৱঁৰ বুধেন ডেকা নামৰ লোকজনৰ ঘৰৰ পাছফালৰ দুৱাৰ ভাঙি চোৰে লুটিলে নগদ ধন, বাচন-বৰ্তন, এটিএম কাৰ্ড, পাছবুক আদি।

জানিব পৰা মতে মঙলবাৰে মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ উপলক্ষে সকলো নামঘৰলৈ গৈছিল। সেই সুযোগতে চোৰে পিচফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰে বয়-বস্তু লণ্ড-ভণ্ড কৰি লুটিলে নগদ ধন আৰু সা-সামগ্ৰীৰ লগতে বেংকৰ পাছবুক এটিএম কাৰ্ড।

পিচত গৃহস্থ নামঘৰৰ পৰা অহাৰ পিচতহে চুৰিকাণ্ড পোহৰলৈ আহে। চোৰে প্ৰতিবেশী আন এঘৰতো চুৰি কৰিবলৈ সোমাইছিল যদিও সফল নহ'ল।

ইতিমধ্যে চুৰিকাণ্ডৰ কথা ৰহা আৰক্ষীক জনোৱাত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।