অসম

ৰহাত মহাবিদ্যালয়ৰ ছাত্ৰ নিৰুদ্দেশ

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ১৩ ছেপ্টেম্বৰৰ পৰা ৰহা মহাবিদ্যালয়ৰ এজন ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র ৰহাত৷ নিৰুদ্দেশ হোৱা ছাত্ৰজন ৰহাৰ পূব সৰাগাঁৱৰ মুক্তিপ্ৰসাদ সেনাপতিৰ পুত্ৰ বিতুমনি সেনাপতি বুলি জানিব পৰা গৈছে৷

প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে ছাত্ৰজন অধ্যয়নৰত ৰহা মহাবিদ্যালয়লৈ যোৱাৰ পাছৰে পৰাই সন্ধানহীন হৈ আছে৷ পৰিয়ালৰ সদস্যই ইতিমধ্যে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও, আৰক্ষীয়ে ছাত্ৰজনৰ কোনো শুংসূত্ৰ বৰ্তমানলৈ লাভ কৰা নাই।

বিতুমনি সেনাপতিৰ কোনো সম্ভেদ লাভ কৰিলে নিকটৱৰ্তী আৰক্ষী থানা অথবা ৮৭৫৩৮৬০৮৭৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।