অসম

ৰহাৰ বানাক্ৰান্তৰ কাষত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন…

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ বুধবাৰে ৰহাৰ বানাক্ৰান্তৰ কাষত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ সমষ্টিটোৰ আমতলা ,মাগুৰগাঁও,কমাৰগাঁও আদি পঞ্চায়তৰ বানাক্ৰান্তৰ কাষত বুধবাৰে উপস্থিত হয় ৰকিবুুুল হুছেইন,ৰাজ্যিক এনআছইউআইৰ মূখপাত্ৰ তাঞ্জিল হুছেইন তথা এপিচিচিৰ সদস্য শশী দাসসহ এটি কংগ্ৰেছৰ দল আৰু বুজ ল'লে পৰিস্থিতিৰ লগতে প্ৰশাসনলৈ আহ্বান জনায় উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ ৷

উল্লেখ্য, ৰহাত সংহাৰ সৃষ্টি কৰা বৰপানী নদীৰ বান কিছু থমকিছে যদিও বিপৰ্য্যয়ৰ মাজত এতিয়াও বন্যাতৰ। ৰহাৰ মাগুৰগাওঁ, কমাৰগাওঁ, আমতলা আদি পঞ্চায়তৰ একুৰিতকৈও অধিক গাওঁ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে বৰপানী নদীৰ প্ৰলয়ংকৰী বানত।

পঞ্চায়তকেইটাৰ ৯০শতাংশ অঞ্চলেই এতিয়া পানীৰ তলত। চাৰিওফালে কেৱল পানী আৰু পানী। অধিকাংশ লোকৰে ঘৰ-দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথ এতিয়া পানীৰ তলত। চৌদিশে বানপানীৰ বিভীষিকা। অঞ্চলটো শ শ লোকে নিৰাপদ ঠাই তথা ওখ ভেটিত আশ্ৰয় লোৱাৰ লগতে বানাক্ৰান্ত অঞ্চলটোত কেইবাটাও আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে।

ইপিনে বহু লোকে পানীৰ মাজত নিজৰ ঘৰৰ ওখ ভেটিতে আশ্ৰয় লৈ আছে। নাও আৰু কলৰ ভুৰেই এতিয়া অঞ্চলটোত যোগাযোগৰ একমাত্ৰ মাধ্যম হৈ পৰিছ। মুঠতে ৰহাৰ এই বৃহত্তৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে এক অবৰ্ণনীয় ছবি৷ বিলাই বিপত্তি নোহোৱা হৈছে বানাক্ৰান্তৰ তাৰপাচতো কিন্তু তিনি চাৰি দিন হোৱাৰ পিচতো বন্যাতৰে সাহায্য নোপোৱাৰ গুৰৰুতৰ অভিযোগ উঠিছে ৷প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নাৱেৰে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়।