অসম

ৰহাত নিয়ন্ত্ৰণ হেৰুৱাই ব্যস্ত বজাৰত সোমালগৈ বাহন, মহতিয়ালে কেবাজন লোকক, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ নগাঁও আৰু কাৰ্বিআংলঙ জিলাৰ সীমান্তৱৰ্তী তথা ৰহাৰ ডালিমবাৰীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছতেই তীব্ৰ উত্তেজনা বিৰাজ কৰিছে অঞ্চলটোত। দেওবাৰে বিয়লি ডালিমবাৰী দৈনিক বজাৰত সংঘটিত হৈছিল দুৰ্ঘটনাটো। ডালিমবাৰী দৈনিক বজাৰ চলি থকাৰ সময়তে পশ্চিম কাৰবিআংলঙৰ ভকচঙৰ পৰা ৰহাৰ আমচৈ দিশে আহি থকা এখন এএছ-০২-চি-৫৫৮৪ নম্বৰৰ মেক্সিম' গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ফালি গৈ বজাৰত ব্যস্ত থকা লোকক মহতিয়াই নিয়ে।

দুৰ্ঘটনাটোত শুকধন বিশ্বাস, চাবুৰা হান্সে আৰু সৈতেন্দ্ৰ বিশ্বস নামৰ তিনিজন লোক গুৰুতৰভাৱে আহত হয়। পিছত তিনিওকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও শুকধন বিশ্বাস নামৰ লোকজন চিকিৎসালয়তে মৃত্যু হয়।

ইয়াৰ পিচতে অঞ্চলটোত বিৰাজ কৰে চেপা উত্তেজনাৰ। সোমবাৰে অঞ্চলৰ ৰাইজ ওলাই আহি বজাৰতে অনুষ্ঠিত কৰে প্ৰতিবাদী সভা।

ৰাইজৰ অভিযোগ মতে পথৰ কাষতে অবৈধভাৱে বজাৰ বহাৰ বাবেই সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই বজাৰত গৃহবোৰ উচ্ছেদ কৰি আমচৈ-ভকচং পথটো সুৰক্ষিত কৰিবলৈ স্থানীয় ৰাইজে ৰহা ৰাজহ চক্ৰ বিষয়াক বহুবাৰ স্মাৰক পত্ৰ দিলে যদিও প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ তুলিছে।

সোমবাৰে ডালিমবাৰী বজাৰতে পুনৰ প্ৰতিবাদী সভা অনুষ্ঠিত কৰি বজাৰৰ নামত কৰা বেদখল মুক্ত কৰি ৰাইজক সুৰক্ষা দিবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে।