অসম

কেবৰ বিৰুদ্ধে ৰহাত উত্তপ্ত পৰিস্থিতি! বিধায়ক ডিম্বেশ্বৰ দাসৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত…

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ কেবৰ বিপক্ষে ভিন্ন প্ৰান্তৰ লগতে ৰহাতো অব্যাহত আছে প্ৰতিবাদ। কেবৰ বিৰোধিতাৰে বুধবাৰে প্ৰতিবাদকাৰীয়ে কপালে ৰহা চহৰ৷ বিভিন্ন দল-সংগঠন, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক জনতাই পৰিবেশ উত্তাল কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ কৰিলে প্ৰায় দুঘন্টা।

প্ৰশাসন বিৰোধী ধ্বনিৰে কপি উঠা ৰাজপথত আবদ্ধ হ'ল কেইবা শতাধিক বাহন ৷ প্ৰায় দুঘন্টা ঘাইপথ আবদ্ধ কৰি যান বাহনৰ চলাচল অচল কৰি তোলাৰ লগতে ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ বাসগৃহৰ সন্মুখতো কেবৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰহা উত্তাল কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালক সাহস থাকিলে আৰক্ষীৰ সুৰক্ষাৰ অবিহনে ৰাজপথলৈ আহিবলৈও মুকলি প্ৰত্যাহ্বান জনায় ৷