অসম

ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ কেবৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বুধবাৰে উলিয়ালে বিশাল জোঁৰ সমদল।

প্ৰায় দুই শতাধিক পুৰুষ মহিলাই ৰহা চহৰৰ মাজেৰে উলিওৱা এই জোঁৰ সমদলে কঁপাই তুলিলে ৰহা চহৰ।

প্ৰতিবাদী জনতাই হাতে হাতে জোঁৰ লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। লগতে কেব গৃহীত হ'লে পৰিস্থিতি ভয়ংকৰ হোৱাৰো হুংকাৰ দিয়ে কৃষক মুক্তিৰ নগাওঁ জিলা সমিতিয়ে।