অসম

এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ…

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ বিগত প্ৰায় এক মাহ ধৰি ভকচংৰ এজন প্ৰায় ৩০বছৰীয়া যুৱক নিৰুদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে ভকচংত ৷ প্ৰাপ্ত তথ্য মতে ,পশ্চিম কাৰ্বি আংলংৰ ভকচং হাতিগড়ৰ চিত্ৰ সিংহ নামৰ যুৱকজনে হাতিগড়ৰে নিৰঞ্জন সিংহ নামৰ এজনৰ লগত ডিমাপুৰৰ ৰাঙাপাৰাত কৰ্মসংস্থাপনৰ বাবে গৈছিল আৰু প্ৰায় এমাহ পূৰ্বে নিজ বাসগৃহলে অহা বুলি নিৰঞ্জন সিংহই ম'বাইল ফোন যোগে জানিব দিছিল চিত্ৰ সিংহৰ আত্মীয়ক ৷

কিন্তু প্ৰায় এক মাহৰ পাচতো দুই সন্তানৰ পিতৃ তথা প্ৰায় ৩০বছৰীয়া চিত্ৰ সিংহ নিজ বাসগৃহত আহি উপস্থিত নহ'ল যাৰবাবে এতিয়া অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷ পৰিয়ালৰ লোকে ইতিমধ্যে ডালিমবাৰী আৰক্ষী চকীৰ আৰক্ষীক যুৱকজন নিৰুদ্দেশ সম্পৰ্কত অৱগত কৰিছে যদিও অদ্যাপি চিত্ৰ সিংহৰ কোনো সম্ভেদ লাভ কৰা নাই বুলি জানিব দিয়ে আত্মীয়ই ৷অতিকৈ দৰিদ্ৰ পৰিয়ালৰ তথা কন কন দুটি দেৱশিশুৰ পিতৃ চিত্ৰ সিংহৰ কোনো সন্ধান পালে নিকটবৰ্তী আৰক্ষী থানা বা ৭০০২৬২৩ ৪৫৩ নম্বৰত জনাবলৈ অনুৰুধ জনাইছে পৰিয়ালে ৷