অসম

ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ। ৰহাৰ বিভিন্ন অঞ্চলত থকা ৰাজহুৱা বিল জলাশয়সমূহ নিবিদাৰ জৰিয়তে ব্যক্তিগত খণ্ডক দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ।

কৃষক মুক্তিৰ শতাধিক সদস্যই সোমবাৰে ৰহা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ইয়াৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কৃষক মুক্তিৰ সদস্যদকলে 'বিল জলাশয়সমূহ দাকত দিয়া নচলিব', 'ৰাজহুৱা বিল জলাশয়ৰ নিবিদা উঠাই দিয়ক' আদি ধ্বনিৰে উন্নয়ন খণ্ডৰ কাৰ্যালয় মুখৰিত কৰে।

পিচত খণ্ড উন্নয়ন বিষয়াক স্মাৰক পত্ৰও দিয়ে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে, ৰহাৰ বিল জলাশয়সমূহ নিবিদাৰ জৰিয়তে ব্যক্তিগত খণ্ডক দিয়াত সাধাৰণ জনতাই মাছ ধৰাৰ পৰা বঞ্চিত হৈছে।

সেয়ে সাধাৰণ জনতাক থলুৱা মাছ খোৱাৰ পৰা বঞ্চিত কৰা এনে কাৰ্য বন্ধ কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে।